Mur Dekh - Assamese Poem || Hiren Bhattacharya

 Assamese Poem - Mur Dekh


মোৰ দেশ

 কবি :হীৰেণ ভট্টচাৰ্য্য

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ

মোৰ দেশ৷

মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই

এই দেশৰ বুকুত ৰচে শইচ-সোনোৱালী ভৱিষ্যতৰ সপোন৷

মোৰ জীৱনৰ আহেঁ আহেঁ মোৰ যৌৱনৰ কোহেঁ কোহেঁ

সেই সপোনৰ কলৰোল৷

 

দেশে-দেশে দেশ আছে৷ এনে বহুৰ দেশৰ অৰঙে দৰঙে

মই ঘূৰিছোঁ৷ বহু বন্ধুৰ সতে হাতে – হাত ধৰি ফুৰিছোঁ৷

কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত,

নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ৷ বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ৷

তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা৷

 

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ৷ যাৰ বুকুৰ উমে

মোক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য৷

জীৱনৰ নতুন অৰ্থ৷

এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ

প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস৷

প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ৷

 

মোৰ দেশৰ বাবে মই জীয়াই আছোঁ৷

এই দেশৰ বাবে মই জীয়াই থাকিৱলৈ মৰণ পণ কৰিছোঁ৷

ৰণুৱা, বনুৱা, হালোৱা এই সকলোৰে মাজত ঐক্য হৈ,

বিৰোধৰ মাজত সংহতিৰ সম্ভৱনা হৈ মই আছোঁ৷

জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ৷

শত্ৰু-মিত্ৰ সকলোকে মই চিনিছোঁ৷

সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ৷

শান্তিৰ চৰাই যুঁৰিক আঁজলি ভৰাই দিছোঁ

ভৰালৰ এমুঠি ধান,পৰাণৰ একোটি গান৷

 

আৰুটো মোৰ একো নাই!

মোৰ দেশ- মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই

মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ,

আদৰ্শৰ কঠিন পৰ্বত মূললৈ…

No comments:

Powered by Blogger.